ক'ভিড পৰিস্থিতিৰ বাবেহে মূল্যবৃদ্ধি হৈছে : অজন্তা নেওগ

By

Published : Oct 1, 2021, 10:26 PM IST

thumbnail

বিত্ত মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে প্ৰথম বাৰলৈ অজন্তা নেওগে থাওৰা সমষ্টিৰ এক অনুষ্ঠানত অংশ ল'লে । থাওৰাৰ ৰাইজৰ বাবে বিত্ত মন্ত্ৰী গৰাকীয়ে বিশেষ পেকেজ দিব বুলি ৰাইজে আশা কৰিছিল যদিও সেই সভাত বিশ মিনিটৰ ভাষণত পঞ্চাশ বাৰৰ ওপৰত মোদীৰ নাম ল'লে বিত্ত মন্ত্ৰী অজন্তা নেওগে । নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি আজি ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পত সেৱা আৰু সমৰ্পণ অভিযানৰ নাগৰিক সভাত মোদীৰ গুণানুকীৰ্তন কৰি প্ৰশংসাৰে উপচাই পেলাই । উক্ত নাগৰিক সভাত থাওৰা সমষ্টিৰ শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক আৰু জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে । সভা খনত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই। উপ-নিৰ্বাচন হ'ব লগা সকলো কেইটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি দৃঢ়তাৰে ৷ মত প্ৰকাশ কৰাৰ লগতে ক'ভিড পৰিস্থিতিৰ বাবে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে কয় । লগতে সাংবাদিকে শ্বেৰমান আলী সম্পৰ্কত জানিব বিচৰাত মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিত্ত মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.