শালবাৰী সাপ্তাহিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Sep 16, 2021, 1:07 PM IST

thumbnail

বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ বগৰীবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শালবাৰী সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত হয় বজাৰখনৰ কেইবাখনো ব্যবসায়িক প্ৰতিষ্ঠান । এই অগ্নিকাণ্ডত বহুকেইগৰাকী লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । এই অগ্নিকাণ্ডত ধ্বংস হয় প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি । শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিলাসীপাৰা আৰু ধুবুৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.