Farm bills repeal: কলগাছিয়াৰ কৃষক সভাৰ উচাহ

By

Published : Nov 20, 2021, 2:21 PM IST

thumbnail
()

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে বহু বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ (Farm bills repeal) কথা ৷ প্ৰায় এবছৰ ধৰি ধাৰাবাহিক কৃষক আন্দোলন অব্যাহত থকাৰ সময়তে এই ঘোষণাৰ বাবে সংগঠনসমূহৰ মাজত দেখা গৈছে আনন্দ উচাহ ৷ লগতে এই সিদ্ধান্তক স্বাগতম জনাইছে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটিয়ে । কলগাছিয়া চাৰিআলি চ’কত কৃষক সভাৰ একাংশ সদস্য আৰু নেতৃবৃন্দই এখন পথ সভাৰ আয়োজন কৰি আতচবাজী ফুটাই সংযুক্ত কিষাণ মৰ্চা জিন্দাবাদ , কৃষক আন্দোলনৰ কৃষক সকলক লাল ছালাম আদি শ্লোগানৰে তেওঁলোকে আকাশ বতাহ মুখৰিত কৰি তোলে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায় ৷ ইফালে মোদীৰ কথাত আশংকা প্ৰকাশ কৰি আগন্তুক সংসদত কাৰ্যকৰী হোৱাকৈ তিনিখন কৃষি আইন বাতিল কৰিবলৈ দাবী জনায় সংগঠনটোৱে। আনহাতে অহা শীতকালীন অধিৱেশনত কৃষি আইন বাতিল নকৰালৈকে দিল্লীৰ কৃষক আন্দোলন চলি থাকিব বুলি জানিবলৈ দিয়ে কৃষক সংগঠনৰ নেতৃত্বই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.