বাংলাদেশৰ ঘটনা লৈ উত্তপ্ত সুতাৰকান্দি আন্তৰ্জাতিক সীমান্ত

By

Published : Oct 25, 2021, 9:52 PM IST

thumbnail

বাংলাদেশত হিন্দু মন্দিৰ আৰু সংখ্যালঘু হিন্দু ওপৰত কৰা অমানৱীয় আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে হিন্দু জাগৰণ মঞ্চই কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ এই অমানৱীয় ঘটনাৰ নিন্দা জনাই হাচিনা চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদৰ জৰিয়তে বাংলাদেশৰ লগত সুতাৰকান্দিৰ আন্তৰ্জাতিক বাণিজ্য এদিনৰ বাবে স্তব্ধ কৰি দিয়ে ৷ তেওঁলোকে লগতে বাংলাদেশত হিন্দু ওপৰত হোৱা অত্যাচাৰ শীঘ্ৰে বন্ধ নহ’লে ৰাষ্ট্ৰখনৰ লগতে আন্তৰ্জাতিক বাণিজ্য অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.