নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত

By

Published : Oct 12, 2021, 8:39 AM IST

thumbnail

নাহৰকটীয়াত সোমবাৰে এটা ভুৱা আধাৰ কেন্দ্ৰ উৎখাত কৰে নাহৰকটীয়া আৰক্ষীয়ে(Naharkatiya Police) ৷ নাহৰকটীয়াৰ জাগুনত থকা ভুৱা আধাৰ কেন্দ্ৰটো ‘গুজৰাট ইনফ’টেক এজেঞ্চি’(Gujarat Infotech Agency) নামেৰে উত্তৰ প্ৰদেশৰ গৌতম সিং আৰু অভিষেক পাণ্ডে নামৰ যুৱক দুজনে খুলিছিল বুলি পোহৰলৈ আহে ৷ যুৱকদ্বয়ৰ এই কাৰ্যত নাহৰকটীয়াৰ বিতু শৰ্মা, সন্তোষ নিৰ্মলীয়া আৰু ৰাজু বৰুৱাই সহযোগ আগবঢ়াই আহিছিল ৷ কেন্দ্ৰটোৰ জৰিয়তে আধাৰ কাৰ্ড(Adhar Card) বনোৱাৰ বাবদ প্ৰতিজন লোকৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰি আহিছিল দলটোৱে । প্ৰতিখন আধাৰ কাৰ্ডৰ বিনিময়ত ধন সংগ্ৰহ কৰা কাৰ্যত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়া হয় ৷ আৰক্ষীয়ে ভুৱা কেন্দ্ৰটোত অভিযান চলাই উল্লেখিত 5 জনকৈ যুৱকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ তদুপৰি এই আধাৰ কেন্দ্ৰটো ভুৱা বুলি স্পষ্ট কৰি দিয়ে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.