মুকালমুৱাৰ পেৰাধৰাত নাৱৰ ভাৰাক লৈ দুই ফৈদৰ সংঘাত

By

Published : Sep 26, 2021, 10:06 PM IST

thumbnail

চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি কৰি নাও চলাচল একাংশ নাৱৰীয়াৰ । নিমাতীঘাটত ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এটা ইঞ্জিনযুক্ত নাওৰ চলাচল বন্ধৰ নিৰ্দেশ দিছিল চৰকাৰে । কিন্তু চৰকাৰৰ এই নিৰ্দেশক ভেঙুচালি কৰি পেৰাধৰাত চলি আছে শ শ অবৈধ নাও । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ৰামপুৰ শাখাৰ অধীনত থকা কাপলাবড়ী, পেৰাধৰা আদি ব্ৰহি নৈৰ পাৰঘাট সমূহত চৰকাৰৰ নিৰ্দেশক অবমাননা কৰি চলাই আছে এটা ইঞ্জিনযুক্ত নাও । নাও বন্ধ থকাৰ পিছতো পেৰাধৰাত আজি নাৱৰ ভাৰাক লৈ যাত্ৰী আৰু নাৱৰীয়াৰ মাজত সংঘটিত হৈছে এক আক্ৰমণৰ ঘটনা । দুয়ো পক্ষৰ মাজত হোৱা সংঘাতত মুঠ আঠগৰাকী লোক আহত হয় । আহত লোককেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । নাৱৰ ভাৰাক লৈ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত অবৈধ নাৱৰ চলাচল হোৱাৰ তথ্য পোহৰলৈ আহে । যাক লৈ এতিয়া দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুকালমুৱা অঞ্চলত । অভ্যন্তৰীণ জল পৰিবহনৰ চৰম গাফিলতিৰ কাৰণে এই অবৈধ নাওসমূহ চলাচল কৰিবলৈ সুবিধা পাইছে বুলি অভিযোগ উত্থাপন কৰিছে বৰক্ষেত্ৰী ছাত্ৰ সন্থাই । একেদৰে অবৈধ নাও চলাচল বন্ধ কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সচেতন মহলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.