Drugs seized in Kachua : নগাঁৱৰ কচুৱাত ড্ৰাগছসহ এজনক কৰায়ত্ত

By

Published : Dec 16, 2021, 4:54 PM IST

thumbnail

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । বুধবাৰে নিশা নগাঁৱৰ কচুৱাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন লোকক গ্ৰপ্তাৰ কৰে(Kachua police arrested a man with drugs) । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে কচুৱাৰ জিতগাঁৱত অভিযান চলাই জাকিৰ হুছেইন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । ধৃত জাকিৰ হুছেইনৰ পৰা আৰক্ষীয়ে ০.৪২ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়(Heroin seized in Kachua) । বৰ্তমান অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে জাকিৰক জেৰা অব্যাহত ৰাখিছে । জাকিৰে জনোৱা মতে, তেওঁ কেৱল ড্ৰাগছ ব্যৱহাৰহে কৰিছিল, ড্ৰাগছৰ ব্যৱসায় কৰা নাছিল । আনহাতে, আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছে যে, জাকিৰে ড্ৰাগছৰ ব্যৱসায়ো কৰে । আৰক্ষীয়ে জাকিৰৰ পৰা হেৰ'ইন থকা দুটা কনটেইনাৰ আৰু ৫টা খালী কনটেইনাৰ জব্দ কৰিছে । পূৰ্বেও নগাঁৱৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে আৰু এই বেহাৰে জড়িত লোকক আটক কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.