বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত জিলাভিত্তিক এথলেটিকছ প্ৰতিযোগিতা

By

Published : Nov 11, 2021, 7:26 PM IST

thumbnail

বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বজালী জিলা এথলেটিকছ প্ৰতিযোগিতা । বজালী জিলাৰ ১৪,১৬,১৮ আৰু ২০ অনুৰ্ধৰ ল'ৰা-ছোৱালী আৰু পুৰুষ-মহিলাৰ আন্ত: ক্লাব আৰু আন্ত: শিক্ষানুষ্ঠানৰ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহু প্ৰতিযোগীয়ে । ইফালে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণজিত দাস (Ranjit Das) আৰু ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ নৱ নিযুক্ত সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটা । পবিত্ৰ মাৰ্ঘেৰিটাই বজালী ক্ৰীড়া সন্থাক প্ৰশংসা কৰি কয় যে সকলো জিলাতে এই ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা প্ৰয়োজন । তেওঁ উল্লেখ কৰা মতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বত চৰকাৰে ক্ৰীড়াৰ সমান্তৰালভাৱে সাংস্কৃতিক, দক্ষতা বিকাশ আৰু অন্যান্য কামৰ মাজেৰে মানৱ সম্পদ উন্নয়নৰ বাবে কাম কৰি যাব । শেহতীয়াকৈ নতুন বিজেপি বিধায়কে বাজপেয়ী ভৱনত হাঁহি-সুহুৰিৰে বিজেপি দলটোৰ মৰ্যাদা হ্ৰাস কৰিছে নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নত তেওঁ কয় যে এগৰাকী মাটিৰ মানুহৰ তেওঁৰ স্বাভাৱিক-প্ৰাকৃতিক হাঁহিয়ে বিজেপি দলৰ ইতিহাস-মৰ্যাদা ম্লান কৰিব নোৱাৰে । দৃষ্টিভংগী বেলেগ হ'ব পাৰে কিন্তু তেওঁৰ দৃষ্টিত এয়া এগৰাকী চাহ জনগোষ্ঠীৰ যুৱ নেতাৰ এক স্বাভাৱিক হাঁহি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.