দলগাঁৱত এআইইউডিএফ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ জয়লাভ

By

Published : May 3, 2021, 3:51 PM IST

thumbnail

অসম বিধানসভা নিৰ্বাচনত 68 নং দলগাঁও সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ বৃহৎ জয়লাভ । প্ৰায় ৫৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ৰহমানে মহাজোঁটৰ তিনিবাৰৰ কংগ্ৰেছ বিধায়ক ইলিয়াছ আলীক পৰাজিত কৰে । সমষ্টিটোৰ পৰা তিনিবাৰ পৰাজিত হৈ চতুৰ্থবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ কংগ্ৰেছৰ একমাত্ৰ বিধায়ক ইলিয়াছ আলীক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে মজিবৰ ৰহমানে । বিজয়ী এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীয়ে ১,১৮,৩৪২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী ইলিয়াছ আলীয়ে ৬২,৯৫৯ টা ভোট লাভ কৰে । বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে সমষ্টিবাসীৰ লগতে বদৰুদ্দিন আজমলক কৃতজ্ঞতা জ্ঞাপন কৰে নিৰ্বাচিত মজিবুৰ ৰহমানে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.