কংগ্ৰেছৰ পৰা এতিয়াও বিজেপি গমনৰ যত্ন অব্যাহত আছে বিধায়কৰ : ভৱেশ কলিতা

By

Published : Nov 6, 2021, 7:32 PM IST

thumbnail

কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবলৈ যত্ন কৰিয়েই আছে বিধায়কে ৷ এই সম্পৰ্কত বহু কথা ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ আনহাতে, বিজেপিয়ে দলটোক আগুৱাই নিবলৈ ১২ নবেম্বৰৰ পৰা ১৪ নবেম্বৰলৈ মুম্বাইত আয়োজন কৰিছে বিধায়ক সকলৰ প্ৰশিক্ষণ শিবিৰৰ । বিজেপিৰ অসম ৰাজ‍্যিক সভাপতি ভবেশ কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তিনিদিনিয়াকৈ আয়োজন কৰা এই শিবিৰত বিজেপিৰ সকলো বিধায়কে অংশগ্ৰহণ কৰিব । শিবিৰটোত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব । শিবিৰটোত দলৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰাৰ লগতে এগৰাকী বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদনৰ বিষয়েও ব‍্যাখ‍্যা আগবঢ়োৱা হব । লগতে চৰকাৰী আঁচনি সমুহ ৰূপায়নৰ ক্ষেত্ৰতো বিধায়কৰ ভুমিকা সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.