বিশ্বকৰ্মা পূজাক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ

By

Published : Sep 16, 2021, 7:20 AM IST

thumbnail

বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজালৈ মাজত মাথো এটা দিন বাকী । পূজাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ মাজত । নগাঁও জিলাৰ চামগুৰিৰ গটঙাস্থিত প্ৰসিদ্ধ মূৰ্তিকাৰৰ প্ৰতিষ্ঠান কেইখনৰ মৃৎশিল্পীসকলৰ মাজতো ব্যস্ততা বাঢ়িছে দুগুণে ৷ বিশ্বকৰ্মাৰ মূৰ্তিসমূহত অন্তিম পৰশ দিয়াত ব্যস্ত প্ৰতিষ্ঠানকেইখনত সম্প্ৰতি কৰ্মৰত হৈ আছে প্ৰায় দহ জনকৈ শিল্পী । উদ্বেগজনক ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে এক দীঘলীয়া বিৰতিৰ অন্তত পুনৰ পূজা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখি বিশ্বকৰ্মা পূজাৰ বাবে সাজি উলিয়াইছে প্ৰায় দুই শতাধিক বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.