নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

By

Published : Sep 14, 2021, 7:40 PM IST

thumbnail
()

দক্ষিণ আহতগুৰি ভেকলি চাপৰিত উদ্ধাৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ ৷ ৮ ছেপ্টেম্বৰৰ ফেৰী দুৰ্ঘটনাৰ পাচতে নিখোজ হৈ আছিল চিকিৎসকগৰাকী ৷ নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ চিকিৎসক গৰাকীৰ মৃতদেহ ৷ মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ ৷ এনডিআৰএফ আৰু এছডিআৰএফৰ দলে উদ্ধাৰ কৰে মৃতদেহটো ৷ বাওঁ হাতত থকা টেটুৰ পৰা বিক্ৰমজিৎ বৰুৱাক চিনাক্ত কৰে পৰিয়ালৰ লোকে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.