বিজেপিলৈ কি আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই !

By

Published : Nov 7, 2021, 3:44 PM IST

thumbnail

লোকৰ দল খুচৰি ফুৰা বাদ দি ৰাইজৰ কল্যাণৰ হকে কাম কৰিবলৈ বিজেপি দল আৰু চৰকাৰক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মাজুলীৰ উপৰিও আৰু কেইবাটাও সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব, কেইবাজনো কংগ্ৰেছ বিধায়ক বিজেপিলৈ আহিবলৈ সাজু হৈ আছে ইত্যাদি বিভিন্ন ধৰণৰ মন্তব্য ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কৰাৰ পিছত দেওবাৰে শাসকীয় দলটোৰ দুই শীৰ্ষ নেতাক উভতি ধৰিছে ভূপেন বৰাই । বৰাই কয় যে এইধৰণৰ অদৰকাৰী, অলাগতিয়াল কামবিলাকত লাগি থকাতকৈ ৰাজ্য চৰকাৰখনে ৰাইজৰ হকে কাম কৰক । বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক আৰু নিৱনুৱাক চাকৰি দিয়ক । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ‌ দুয়োপাৰে প্ৰতিশ্ৰুতি দিয়া ধৰণে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিবলৈও আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে লোকৰ দল ভাঙি বিধায়ক নিয়াৰ দৰে অলাগতিয়াল, অদৰকাৰী কামবোৰ কৰাত ব্যস্ত নাথাকিবলৈ আহ্বান জনাই বিজেপিক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.