ভিন্ন দুৰ্নীতিৰ তদন্তৰ দাবীৰে বৰপেটাত আছুৰ সংবাদমেল সম্বোধন

By

Published : Oct 23, 2021, 9:41 AM IST

thumbnail

বৰপেটাত অব্যাহত থকা কাঠৰ অবৈধ সৰবৰাহৰ লগতে জিলাখনত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউলৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ দাবীত শুকুৰবাৰে বৰপেটা জিলা ছাত্ৰ সন্থাই এক সংবাদমেলৰ আহ্বান কৰে ৷ সংবাদমেলখন সম্বোধন কৰি আছু নেতৃত্বই মেঘালয়ৰ পৰা অবৈধভাৱে হৈ থকা কাঠ সৰবৰাহৰ ছিণ্ডিকেট চক্ৰটোৰ নেতৃত্ব প্ৰদান কৰি অহা গোবিন্দ সৰকাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ আনহাতে, বিজেপিৰ একাংশ নেতাই কাঠ ছিণ্ডিকেট চক্ৰক ৰক্ষণাবেক্ষণ দি অহা বুলি উঠা অভিযোগৰ সন্দৰ্ভত উক্ত নেতাসকলক বিচাৰি উলিয়াবলৈ দাবী জনায় ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ কাঠ ছিণ্ডিকেট চক্ৰৰ বাবেই বৰপেটা জিলাত কাঠৰ অস্বাভাৱিক মূল্য বৃদ্ধি হোৱাৰো অভিযোগ কৰে আছুৱে ৷ তদুপৰি বৰপেটাত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰা মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ চাউলৰ চোৰাং ব্যৱসায় বন্ধৰ বাবে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় আছুৰ বৰপেটা জিলা সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.