বজালীত আৰক্ষীয়ে জব্দ কৰিলে টেংকাৰসহ 24 হেজাৰ লিটাৰ তেল

By

Published : Jun 12, 2021, 10:43 PM IST

thumbnail

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বজালী জিলাৰ ভৱানীপুৰ অঞ্চল ৷ সমগ্ৰ অঞ্চলটোতে এচাম লোকে সহজে ধন ঘটাৰ পথ হিচাপে বাচি লৈছে বহু অবৈধ ব্যৱসায়ৰ পথ ৷ উল্লেখ্য যে, ভালেমনাদিন ধৰি ভৱানীপুৰৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন ধাবাৰ পিছপিনে চলি আছিল এটা অবৈধ তেলৰ ঘাটি ৷ শেহতীয়াকৈ, শনিবাৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক(SP bajali District )ৰ নেতৃত্বত আৰক্ষীয়ে এই অবৈধ তেলৰ ঘাটিটো(illegal oil pump) উচ্ছেদ কৰি এখন বলেৰ' পিক আপ ভানৰ লগতে 24 হেজাৰ লিটাৰ পেট্ৰ’ল জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাতে আৰক্ষী বাহিনীয়ে(police force ) চোৰাং তেলভৰ্তি এখন টেংকাৰো(tanker full of petrol) জব্দ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.