মিজো দুৰ্বৃত্তৰ আক্ৰমণ : পুৱাই শিলচৰত উপস্থিত মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 27, 2021, 10:47 AM IST

Updated : Jul 31, 2021, 4:50 PM IST

thumbnail
()

অসম-মিজোৰামৰ সীমা বিবাদ(Assam Mizoram border dispute)ত সোমবাৰে অসম আৰক্ষীৰ 6 জনকৈ জোৱানে শ্বহীদ বৰণ কৰিছিল ৷ তাৰোপৰি মিজো দুৰ্বৃত্তৰ আক্ৰমণত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকসহ কেইবা গৰাকীও আৰক্ষী জোৱান আৰু সাধাৰণ লোক গুৰতৰভাৱে আহত হৈছিল ৷ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা এই লোক সকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ সোমবাৰে পুৱাই চিকিৎসালয়খনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) ৷ এই সময়চোৱাত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা(minister Pizush Hazarika) , আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskar Mahanta) আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙো(special DGP GP Singh) উপস্থিত থাকে ৷ ইয়াৰ পৰা ঘটনাস্থলী পৰিদৰ্শনৰ বাবে যাব মুখ্যমন্ত্ৰীগৰাকী ৷

Last Updated : Jul 31, 2021, 4:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.