বিজেপিৰ কাৰ্যনিৰ্বাহক সভা : কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ

By

Published : Sep 23, 2021, 4:29 PM IST

thumbnail
()

দুদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰৰ পাৰত উত্তৰ গুৱাহাটীত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ প্ৰথমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা সমন্বিতে দলটোৰ ভালেকেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে দ্বিতীয় দিনাৰ কাৰ্যসূচীত । কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱো আজি বৈঠকত গ্ৰহণ কৰা হয় । আনহাতে, ৰাজ্য চৰকাৰখনে অব্যাহত ৰখা ড্ৰাগছ আৰু দালাল বিৰোধী অভিযানৰ বাবে ৰাজ্য চৰকাৰৰ পক্ষত এক ধন্যবাদসূচক প্ৰস্তাৱো গ্ৰহণ কৰে আজিৰ কাৰ্যনিৰ্বাহক বৈঠকে । আনহাতে, ছটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভতো আজিৰ দ্বিতীয় দিনাৰ বৈঠকত আলোচনা কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.