কাজিৰঙাত নৈশ বাছৰ খুন্দাত নিহত বন্যপ্ৰাণী - Hit and Run in Kaziranga

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:23 PM IST

thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV BHARAT ASSAM)

গোলাঘাট, ৫ মে': কাজিৰঙাৰ গেলেকীত শনিবাৰে নিশা তীব্ৰ বেগী বাছৰ খুন্দাত নিহত হয় বন্যপ্ৰাণী । গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী AS 25 EC 1673 নম্বৰৰ ৰিছী ইণ্ডিয়া নামৰ যাত্ৰীবাহী বাছখনৰ খুন্দাত নিহত হয় কাজিৰঙাৰ বন্যপ্ৰাণীটো । কাজিৰঙাৰ গেলেকীৰ এটা পেট্ৰ'ল পাম্পৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

বন বিভাগৰ লোকে উক্ত ঘটনাটো প্ৰত্যক্ষ কৰি বাছখনক খেদি বোকাখাতৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে, বাছখনত যাত্ৰা কৰা যাত্ৰীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন বিভাগৰ তত্ত্বাবধানত যাত্ৰীসকলক উক্ত বাছেৰে সকলো যাত্ৰীক গন্তব্যস্থললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

আনহাতে, এই অঞ্চলত বাছৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাইজে দাবী জনাই আহিছে যদিও প্ৰায়েই এনে ঘটনা সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক:গোলাঘাটৰ মহুৰামুখত গড়ঁৰ মৃতদেহ উদ্ধাৰ - Body Of Rhino Found In Golaghat

কাজিৰঙাত বিশ্ব ঐতিহ্য দিৱস উদযাপন - World Heritage Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.