ভাওনাৰ আখৰাত ব্যস্ত মাজুলীৰ শিল্পী

By

Published : Oct 11, 2021, 7:00 PM IST

thumbnail

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি । ২০২০ চনৰ আৰম্ভণিৰ পৰাই মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজ । এতিয়া কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছে । ক'ভিডৰ ভয়াৱহতাৰ বাবে বিগত বৰ্ষৰ পৰা দুয়োজনা গুৰুৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনো বন্ধ হৈ পৰিছিল । এতিয়া পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱাত ভাওনা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিল্পীসকল । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মাজুলীতো ভাওনা অনুষ্ঠিত কৰাৰ বাবে শিল্পীসকলে যো-জা চলাইছে । নামঘৰত আখৰাত ব্যস্ত হৈ পৰিছে শিল্পীসকল । খোল-তালৰ শব্দই মুখৰ কৰিছে নামঘৰ চৌহদ । পুনৰ ভাওনা অনুষ্ঠিত কৰিবলৈ পাই সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছে । সকলোৰে এটাই আশা যে, ক'ভিডৰ এই ভয়াৱহ সময় দূৰ হওক আৰু পুনৰ পূৰ্বৰ অৱস্থা ঘূৰি আহক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.