ঢাকাত কিয় সাক্ষাৎ কৰিছিল ডেভিড অষ্টিনক: তিনি দশক পুৰণি ৰহস্যৰ মেৰপাক খুলিলে অনুপ চেতিয়াই

By

Published : Sep 17, 2020, 10:49 AM IST

thumbnail

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: ১৯৯০ চন । অসমত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰ ভংগ কৰি জাৰি কৰা হৈছে ৰাষ্ট্ৰপতি শাসন । অপ্ৰতিৰোধ্য হৈ পৰা আলফাৰ গতি ৰোধ কৰিবলৈ, আলফাক মষিমূৰ কৰিবলৈ অসমত আৰম্ভ কৰা হৈছে "অপাৰেচন বজৰং" । দিল্লীৰ নিৰ্দেশ মানি আলফা বিৰোধী অভিযানত নামি পৰিছে হাজাৰ হাজাৰ ভাৰতীয় সেনা । সেই জটিল সময়ত আলফাৰ প্ৰায় সংখ্যক শীৰ্ষ নেতাই বাহৰ পাতি আছিল বাংলাদেশত । বিশ্ব সম্প্ৰদায়ক আলফাৰ সংগ্ৰামৰ বিষয়ে অৱগত কৰাৰ চেষ্টা চলাইছিল আলফাই ।১৯৯০ চনৰ ২ অক্টোবৰ । সেই দিনটোতেই ঢাকাস্থিত বৃটিছ দূতাবাসৰ শীৰ্ষ পদবীধাৰী ডেভিড অষ্টিনক সাক্ষাৎ কৰিছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, সেই সময়ৰ আলফাৰ প্ৰচাৰ সচিব সিদ্ধাৰ্থ ফুকন আৰু আলফা নেতা ইকবাল ওৰফে মুনীন নবিছে । কিন্তু কিয় ? আজি সুদীৰ্ঘ তিনি দশকৰ পিছত এই তিনি আলফা নেতাই ডেভিড অষ্টিনক সাক্ষাৎ কৰা বিষয় পুণৰ কিয় চৰ্চিত হৈছে ? কোনোবা মহলে পৰিকল্পিতভাবে পুণৰ বিতৰ্কলৈ টানি নিব খুজিছে নেকি ডেভিড অষ্টিনক সাক্ষাৎ কৰা প্ৰসংগ ? কিয়নো, আলফা-চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত আহি উপনীত হৈছে । এনে সময়ত এই প্ৰসংগই জটিলতাৰ সৃষ্টি কৰিব পাৰে নেকি আলোচনাৰ প্ৰক্ৰিয়াত ?তিনি দশক পুৰণি এই সাক্ষাৎ প্ৰসংগত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক অনুষ্ঠানত মুখ খুলিছে অনুপ চেতিয়াই । সবিস্তাৰে বৰ্ণনা কৰিছে ডেভিড অষ্টিনক সাক্ষাৎ কৰাৰ কাৰণ । ২ অক্টোবৰত এই সাক্ষাৎকাৰৰ মাত্ৰ দুদিনৰ পিছতেই অষ্টিনে বৃটিছ চৰকাৰলৈ পত্ৰ লিখি অসমত চলি থকা আলফাৰ সংগ্ৰামৰ ন্যৰ্যতা আৰু যুক্তিযুক্ততাৰ ব্যাখ্যা কিয় দিছিল ? অসমত আলফাৰ সংগ্ৰামৰ সপক্ষে কিয় যুক্তি দিছিল ডেভিড অষ্টিনে ? চাওক এই বিশেষ সাক্ষাৎকাৰ-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.