মাটি দালালৰ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি জনালে অখিল গগৈয়ে

By

Published : Sep 21, 2021, 10:33 PM IST

thumbnail

মাটি দালালৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, এই পদক্ষেপ যাতে নাটকলৈ পৰিণত নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে ৷ ৰাজ্যৰ আটাইতকৈ ডাঙৰ দালাল গুৱাহাটীৰ বিজয়নগৰৰ পংকজ জৈনক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰশ্ন কৰে অখিলে । তেনেদৰে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দালাল কনক ডেকা আৰু ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ফণী তালুকদাৰৰ বিৰুদ্ধেও তদন্ত কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে । শিৱসাগৰত ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ সমস্যা চিনাক্তকৰণ সমিতিয়ে প্ৰকাশ কৰা প্ৰতিবেদন উন্মোচনী অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে । ৯১ গৰাকী সদস্যৰে গঠিত সমিতিয়ে ১০৮ নং শিৱসাগৰ সমষ্টিৰ ১৮ টা পঞ্চায়ত আৰু পৌৰ এলেকাৰ বিভিন্ন সমস্যা চিনাক্ত কৰি প্ৰতিবেদন প্ৰকাশ কৰে । ইফালে অহা ১ অক্টোবৰলৈকে সময়সীমা বান্ধি দি শিৱসাগৰ সমষ্টিৰ বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীক এক প্ৰকাৰৰ ৰঙাচকু দেখুৱালে অখিল গগৈয়ে । স্বচ্ছ, নিকা আৰু সেৱা মনোভাৱেৰে কাম কৰিবলৈ নিৰ্দেশনা দি নিৰ্দিষ্ট সময়ত কাৰ্যালয়ত উপস্থিত নোহোৱা কৰ্মচাৰীৰ বিৰুদ্ধে ১ অক্টোবৰৰ পাছত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সকিয়নী প্ৰদান কৰে অখিল গগৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.