গৰুখুটিৰ উচ্ছেদৰ বিৰুদ্ধে হোজাইত আমছুৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 24, 2021, 8:35 PM IST

thumbnail

ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ বিৰুদ্ধে শুকুৰবাৰে হোজাইত আমছুৰ উত্তাল প্ৰতিবাদ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কৰ্মীসকলে । প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে হোজাই জিলাৰ ৰাজপথ৷ অনাগত দিনত চৰকাৰে এনে কাৰ্য পুনৰ সংঘটিত কৰিলে অসমৰ সংখ্যালঘু সমাজ তথা মুছলমান সমাজ মনে মনে বহি নাথাকে বুলি চৰকাৰক সকীয়াই দিছে আমছুৱে ৷ ইফালে এই উচ্ছেদ অভিযানক অগণতান্ত্ৰিক আখ্যা দি অন্যায় ভাৱে এই উচ্ছেদ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে হোজাই আমছুৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.