দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ উত্তাল প্ৰতিবাদ

By

Published : Nov 9, 2021, 1:45 PM IST

thumbnail
()

অসমৰ সহস্ৰাধিক আমছু কৰ্মীৰ উত্তাল প্ৰতিবাদত সোমবাৰে কঁপি উঠে দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজপথ ৷ দৰঙৰ গৰুখুঁটিত হোৱা চৰকাৰী উচ্ছেদ, এন আৰ চিৰ সমস্যা, অসমৰ সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গৈ দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কৰ্মীসকলে ৷ অসম চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ গ’ বেক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰ উত্তপ্ত কৰি তোলে আমছু কৰ্মীসকলে ৷ আমছু কৰ্মীসকলে উচ্ছেদিত লোকক পুনৰ সংস্থাপন, সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন আত্মসাতৰ বিৰুদ্ধে তদন্ত কৰাকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদস্থলীৰ পৰা প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । তেওঁলোকে শীঘ্ৰে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন নিদিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.