ডিব্ৰুগড় সদৰ থানাৰ চৌহদত সংঘটিত হত্যাকাণ্ড লৈ আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

By

Published : Mar 14, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

ডিব্ৰুগড় সদৰ থানাৰ চৌহদত দেওবাৰে নিশা ১ বজাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । বিকি চেতিয়া নামৰ এগৰাকী আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইন বন্দুকেৰে গুলীয়াই হত্যা কৰে পত্নীক । আৰক্ষী চাউনীৰ ভিতৰত সংঘটিত এই হত্যাকাণ্ডই চাঞ্চল্যই বিৰাজ কৰিছে ডিব্ৰুগড় চহৰত (Murder at Dibrugarh police station premises) । সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে(SP of Dibrugarh talking about murder case) । ইফালে, ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 161 /2022 u/s 302 IPC read with section 27 (1) Arms Actৰ অধীনত জেললৈ প্ৰেৰণ কৰে বিকিক । উল্লেখযোগ্য যে, ডিব্ৰুগড় সদৰ থানাৰ সন্মুখত থকা আৰক্ষী নিৱাসত বিকি চেতিয়াৰ অন্তঃসত্ত্বা পত্নী জয়শ্ৰীক কাৰ্বাইন বন্দুকেৰে দুই জাঁই গুলীচালনা কৰি হত্যা কৰে । বুকু আৰু ডিঙিত গুলীবিদ্ধ হোৱাত থিতাতে মৃত্যু হয় জয়শ্ৰীৰ ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.