Zubeen Garg program: নলবাৰীৰ বৰনৰ্দ্দীত জুবিনৰ সুৰৰ মূৰ্ছনা

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:07 PM IST

thumbnail

নলবাৰী,২৪ অক্টোবৰ: নলবাৰীৰ বৰনৰ্দ্দীত জুবিনৰ সুৰৰ মূৰ্ছনা । এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে মুহিলে প্ৰায় লক্ষাধিক জনতাক ।  ৮২ সংখ্যক বৰনৰ্দ্দী দুৰ্গা পূজা মহোৎসৱত সোমবাৰে নিশা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় । ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৮২ সংখ্যক বৰনৰ্দ্দী দুৰ্গা পূজা মহোৎসৱৰ সোমবাৰে পঞ্চম দিনৰ নিশাৰ ভাগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰে ।  

এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে মোহাচ্ছন্ন কৰিলে প্ৰায় লক্ষাধিক জনতাক । তুমি যেন পপীয়া তৰা গীতেৰে সংগীতনুষ্ঠান আৰম্ভ কৰি বেজবৰুৱাৰ কি নাম দি মাতিম, মায়া, মাজুলীত এজনী ছোৱালীয়ে আদি কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰিলে কন্ঠশিল্পী জুবিন গাৰ্গে । জুবিন গাৰ্গৰ সংগীতানুষ্ঠান সুন্দৰভাৱে উপভোগ কৰিলে ৰাইজে । মৰমৰ শিল্পীগৰাকীক কাষৰ পৰা চাবলৈ হেতা ওপৰা লগাই অনুৰাগীয়ে ।

লগতে পঢ়ক: Durga Puja in Dhemaji : দেশবাসীৰ শান্তিৰ কামনাৰে দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা মন্ত্ৰী ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.