Durga Puja in Dhemaji : দেশবাসীৰ শান্তিৰ কামনাৰে দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা মন্ত্ৰী ৰণোজ পেগুৰ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:56 PM IST

thumbnail

ধেমাজি, 23 অক্টোবৰ : সপ্তমীৰ পৰাই ৰাজ্যৰ পূজা মণ্ডপে মণ্ডপে ঘূৰিছে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কসকল ৷ ধেমাজিতো মহানৱমীৰ দিনটোত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজ সমষ্টিৰ সীমান্তৱৰ্তী বিষ্ণুপুৰ-শান্তিপুৰৰ সাৰ্বজনীন পূজাৰথলীত উপস্থিত হোৱাৰ লগতে টেকজুৰিৰ পূজা মণ্ডপতো উপস্থিত হৈ দেৱী মাৰ চৰণত সেৱা জনায়ন ৷ পূজাথলীৰ পৰাই ৰাজ্যবাসীক শাৰদীয় দূৰ্গোৎসৱৰ শুভেচ্ছা জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ দেশত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডাঃ পেগুৱে ৷ তেওঁ কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এক সমৰ্থন দিব জনতাই ৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰিব দেশৰ ভোটাৰ ৰাইজে ৷ অসমতো গৰিষ্ঠসংখ্যক আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.