আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ যুৱ সমাৰোহ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:11 PM IST

thumbnail

মৰিগাঁও, 19 নৱেম্বৰ: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ দেওবাৰৰ পৰা আৰম্ভ হ’ল যুৱ সমাৰোহ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে এই যুৱ সমাৰোহ ৷ আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহ, সোণাপুৰ জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু সোণাপুৰ মিনি ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে এই সমাৰোহ ৷

19 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা সমাৰোহখনিৰ আজি পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কৰা লগতে সাংস্কৃতিক শুভাযাত্ৰা বাহিৰ কৰা হয় ৷ তদুপৰিও বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় যুৱ সমাৰোহ ৷ উক্ত যুৱ সমাৰোহত বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া উপৰিও বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:দেহত শেষ বিন্দু তেজ থকালৈকে আছুৰ বাবে কাম কৰি যাম : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.