দেহত শেষ বিন্দু তেজ থকালৈকে আছুৰ বাবে কাম কৰি যাম : সমুজ্জল কুমাৰ ভট্টাচাৰ্য
Published: Nov 19, 2023, 9:15 AM
মৰিগাঁও, ১৯ নৱেম্বৰ : ২১, ২২ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অষ্টাদশ অধিৱেশন । অধিৱেশনৰ প্ৰস্তুতি বুজ ল'বলৈ শনিবাৰে নিশা মৰিগাঁৱত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু ছাত্ৰ সন্থাৰ বিষয়-ববীয়া । মৰিগাঁও সদৰ ছাত্ৰ সন্থা, আদৰণি সমিতি, আৰু মৰিগাঁওবাসীৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অষ্টাদশ অধিৱেশন সাফলতাৰে অনুষ্ঠিত হ'ব ।
ইফালে পৰৱৰ্তী সময়ত সমুজ্জল কুমাৰ ভট্টাচাৰ্য আছুত থাকিবনে সেই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ তেওঁ নিজকে ধূলিকণা আখ্যা দি কয় যে দেহত শেষ বিন্দু তেজ থকালৈকে আছুত কাম কৰি যাব । আছুৱে যি ধৰণে বিচাৰিব সেইধৰণে সেৱা আগবঢ়াবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক : ডিফুৰ মাটিপুঙৰ মুছলিম কবৰস্থানৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ