Murder in Guwahati Rehab Center: গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; ছুৰীৰে হানি-খুচি হত্যা যুৱকক

By

Published : Feb 13, 2023, 9:26 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী, 13 ফেব্ৰুৱাৰী: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল হত্যা আৰু মাৰপিটৰ থলীলৈহে পৰ্যবসিত হৈছে নিচামুক্ত কেন্দ্ৰসমূহ ? মহানগৰীৰ এটা নিচামুক্তি কেন্দ্ৰত সোমবাৰে সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই পুনৰ সেই কথাকে ভাবিবলৈ বাধ্য কৰাইছে সচেতন ৰাইজক (Murder in Guwahati rehab center) ৷  

সোমবাৰে গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় এক অতি নৃশংস হত্যাকাণ্ড ৷ চোকা অস্ত্ৰৰে নিচামুক্তি কেন্দ্ৰত থকা এগৰাকী যুৱকক হানি-খুচি হত্যা ৷ হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেন্দ্ৰটোত থকা চিচিটিভি কেমেৰাত ৷ হাতীগাঁৱৰ অজন্তা পথত থকা মিৰাকল ৰিহাব চেণ্টাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ (Guwahati rehab center murder case) ৷  

কেন্দ্ৰটোত থকা অৰিন্দম খাউণ্ড নামৰ যুৱকজনক হত্যা কৰিলে কেন্দ্ৰটোতে থকা অমিনুৰ হুছেইন নামৰ আন এজন যুৱকে ৷ ইতিমধ্যেই হত্যাকাৰী অমিনুৰ হুছেইনক আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে ৷ কিন্তু কিয় এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত (Youth murdered by inmate in rehab center) ৷  

চিচিটিভিত বন্দী হোৱা দৃশ্য অনুসৰি কোনো কথাক লৈ অৰিনন্দম খাউণ্ড আৰু অমিনুৰ হুছেইনৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ অমিনুৰ হুছেইনে অৰিন্দম খাউণ্ডক প্ৰহাৰ কৰি থকাৰ দৃশ্যও স্পষ্টকৈ বন্দী হৈছে কেমেৰাত ৷ দুয়োৰে মাজত চলি থকা কাজিয়া প্ৰত্যক্ষ কৰিছিল কেন্দ্ৰটোত থকা আন কেইবাজনো যুৱকে ৷ কিন্তু সেই কাজিয়া ৰোধৰ বাবে কোনো এগৰাকী যুৱকেও চেষ্টা কৰা দেখিবলৈ পোৱা নগ’ল (Rehab center murder case) ৷

পৰৱৰ্তী পৰ্যায়ত অমিনুৰ হুছেইনে অৰিনন্দম খাউণ্ডক ছুৰীৰে পেটত উপৰ্যুপৰি আক্ৰমণ কৰে ৷ যাৰ ফলত ঘটনাস্থলীতেই ঢলি পৰিল অৰিণ্ডম খাউণ্ড (Youth killed at Guwahati rehab center) ৷ কিন্তু নীৰৱ দৰ্শক হৈ ৰ’ল চাৰিজনকৈ যুৱক ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কেন্দ্ৰটোৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই সংঘটিত হ’বলৈ পালে নেকি এই নৃশংস হত্যাকাণ্ড ? আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ (Murder case in Guwahati) ৷  

লগতে পঢ়ক: Assam Police new rule : সোমবাৰৰ পৰা অসম আৰক্ষীয়ে মানিব লাগিব ডিজিপিৰ নতুন নিৰ্দেশনা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.