ETV Bharat / state

Assam Police new rule : সোমবাৰৰ পৰা অসম আৰক্ষীয়ে মানিব লাগিব ডিজিপিৰ নতুন নিৰ্দেশনা

author img

By

Published : Feb 12, 2023, 8:38 PM IST

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে বিশেষ ব্যৱস্থা আৰম্ভ হ'ব (Assam Police to redress public grievances)। প্ৰতিটো কৰ্মদিনতে কাৰ্যালয়ত নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব লাগিব । বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণ কৰিব লাগিব ।

Assam Police new rule
অসম আৰক্ষীয়ে মানিব লাগিব ডিজিপিৰ নতুন নিৰ্দেশনা

গুৱাহাটী, ১২ ফ্ৰেব্ৰুৱাৰী : সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নতুন নিৰ্দেশনা (Assam DGP new directive)। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা আৰম্ভ হ'ব ।

এই অনুসৰি প্ৰতিটো কৰ্মদিনত কাৰ্যালয়সমূহত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব লাগিব । লগতে বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব লাগিব । ইতিমধ্যে সকলো কাৰ্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে (Assam Police efforts to redress public grievances)।

এইক্ষেত্ৰত জিলা কাৰ্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ'লে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দায়িত্বশীল বিষয়াক অৱগত কৰিব পাৰিব । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে এই ব্যৱস্থা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে (G P Singh new directive to Assam Police)। তেওঁ লগতে এইক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলিও বিষয়াসকলক সতর্ক কৰি দিয়ে ।

উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ২ ফেব্ৰুৱাৰীত জি পি সিঙে অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । বৈঠকত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলো বিষয়াই অংশগ্ৰহণ কৰিছিল । গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে 'ভার্চুৱেল' মাধ্যমেৰে বৈঠকত অংশ লৈছিল ।

সেই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল । সেই অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যৰ সকলোবোৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছিল । সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব আৰক্ষী সঞ্চালক প্ৰধানে দিয়া এই নিৰ্দেশনা (Assam Police DGP)।

তদুপৰি বৈঠকত জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটীৰ দিন বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই নিয়ম থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি 'চার্জ পোষ্ট'ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্রযোজ্য নহ'ব ।

আনহাতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়কে ধৰি সকলো জিলা, বেটেলিয়ানৰ কাৰ্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সংক্রান্তীয় কাম-কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছিল উক্ত বৈঠকত ।

তদুপৰি জিলা, বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক 'শৌচালয়'ৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়া হৈছিল । সেইদৰে আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষিক 'নাম ফলক' লগোৱাৰ নিৰ্দেশনাও বৈঠকত দিয়া হৈছিল ।

লগতে পঢ়ক : Earthquake Strikes Nagaon : ৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে মধ্য অসমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.