Youth arrested: শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকি প্ৰদান কৰি ৰঙাঘৰলৈ যুৱক

By

Published : Aug 8, 2023, 4:35 PM IST

Updated : Aug 8, 2023, 4:47 PM IST

thumbnail

তেজপুৰ, ৮ আগষ্ট : যুৱকৰ মৰসাহ ৷ শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকি দি শ’লঠেকত পৰিল ৰঙাপৰাৰ এজন যুৱক ৷  ধৃত যুৱকজনৰ নাম সুধীৰ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ৷ ৰঙাপৰাৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা চক্ৰৱৰ্তীয়ে শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক হোৱাটছ এপত মেছেজ দি ভাবুকি প্ৰদান কৰিছিল ৷ মেছেজটোত তেওঁৰ পৰিয়ালকো সাঙুৰি ভাবুকি প্ৰদান কৰে সুধীৰে ৷ 

মেছেজটো পোৱাৰ পিচতে ADC বৰাই তেজপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিতেই সোমবাৰে নিশা তেজপুৰ আৰক্ষীয়ে সুধীৰ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন যুৱকজনে সুৰাৰ ৰাগীত ভাবুকি দিয়াৰ কথা সদৰী কৰিছে ৷

ইয়াৰ বিপৰীতে অতিৰিক্ত আয়ুক্ত পংকজ বৰাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বত থকা হেতুকে  কাৰোবাৰ প্ৰৰোচনাত যুৱকজনে তেওঁক টাৰ্গেট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, অতিৰিক্ত আয়ুক্তৰ দায়িত্বভাৰ লৈ পংকজ বৰাই ঢেকীয়াজুলিত চৰকাৰী চাউলৰ চোৰাং চক্ৰৰ বিৰুদ্ধে উঠি পৰি লাগিছিল ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ তদাৰকী গোটে বিষয়টোৰ সন্দৰ্ভত জড়িত বিষয়া-কৰ্মচাৰীক আটক কৰিছিল ৷

লগতে পঢ়ক: Teenage girl torture in Tinsukia : বনকৰা কিশোৰীৰ গাত গৰম পানী ঢালি আটক আটছা নেতা

Last Updated : Aug 8, 2023, 4:47 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.