Girl mysterious death: প্ৰেমিকৰ সৈতে ব’ল বমলৈ গৈ ৰহস্যজনক মৃত্যু যুৱতীৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:30 PM IST

thumbnail

গুৱাহাটী, ২৮ আগষ্ট : মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বশিষ্ঠত ব’ল বমলৈ প্ৰেমিকৰ সৈতে গৈ ৰহস্যজনকভাৱে মৃত্যু হয় এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ নাম গোলাপী বেগম বুলি জানিব পৰা গৈছে ৷  মহানগৰীৰ লালগণেশত ঘৰ আছিল মৃত গোলাপীৰ। 

জানিব পৰামতে, সুদীপ্ত বালা নামৰ প্ৰেমিকৰ লগত বশিষ্ঠলৈ গৈছিল গোলাপী বেগম নামৰ যুৱতীগৰাকী। কিন্তু নিশা যান-বাহন আৰক্ষীয়ে যুৱতীগৰাকীৰ ঘৰলৈ ফোন কৰি দুৰ্ঘটনা হোৱা বুলি জনায়। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক বশিষ্ঠ আৰক্ষী থানাত উপস্থিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱতীগৰাকীক ভৰ্তি কৰে ৷

কিন্তু যুৱতীগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে পৰিয়ালৰ লোকে সন্দেহ কৰে যে এয়া দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ডহে । দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক আছিল ৷ দেওবাৰে বশিষ্ঠলৈ লৈ আহি কোনো স্থানত হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ৷ 

অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও যুৱকজনে প্ৰথম প্ৰেমিকাক হত্যা কৰিছিল ৷ আনফালে যুৱতীগৰাকীৰ সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে যুৱকজনৰ পিতৃয়ে ৷ ইতিমধ্যে প্ৰেমিক সুদীপ্ত বালাক গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: Murder in Guwahati : পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ বৰাগাঁৱৰ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.