ETV Bharat / state

Murder in Guwahati : পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ বৰাগাঁৱৰ এটা পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:18 PM IST

মহিলাৰ সৈতে অবৈধ প্ৰেম এজন গাড়ী চালকৰ । কিছুদিন পূৰ্বে মহিলাগৰাকী গাড়ী চালকজনৰ সৈতে পলাই গৈছিল যদিও পুনৰ স্বামীৰ ওচৰলৈ মহিলাগৰাকী উভতি আহে । ইয়াতে ক্ষোভিত হৈ প্ৰেমিকজনে মহিলাগৰাকী আৰু তেওঁ পৰিয়ালক আক্ৰমণ কৰে । পাছত মহিলাগৰাকীৰ ঘৰতে আত্মহত্যাও কৰে ।

Murder in Guwahati
পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ বৰাগাঁৱৰ এটা পৰিয়াল

পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ বৰাগাঁৱৰ এটা পৰিয়াল

গুৱাহাটী,২৮ আগষ্ট : পুনৰ গুৱাহাটী মহানগীৰত নৃশংস ঘটনা । পৰকীয়া প্ৰেমৰ বাবেই বৰাগাঁৱৰ এটা পৰিয়ালত অমানিশা নামি আহিল । প্ৰথমে প্ৰেমিকাক হত্যা আৰু প্ৰেমিকাৰ ঘৰতে আত্মহত্যা এজন লোকৰ । জানিব পৰা মতে নিৰঞ্জন গোঁহাই নামৰ এজন লোকৰ পৰিয়ালটোৰ মহিলাগৰাকীৰ সৈতে অবৈধ প্ৰেম আছিল । প্ৰায় ৩ বছৰ পূৰ্বে দুয়ো চিনাকি হৈছিল আৰু তাৰ পাছত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ।

প্ৰেমত মতলীয়া হৈ নিৰঞ্জন গোঁহাই আৰু মহিলাগৰাকীয়ে তেওঁৰ স্বামীক আক্ৰমণ কৰিছিল । এই ঘটনা ৩ মাহ পূৰ্বৰ । তেওঁলোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকীৰ স্বামী । তাৰ পাছত স্বামীক এৰি মহিলাগৰাকী নিৰঞ্জনৰ লগত পলাই গৈছিল ।

স্থানীয় লোকে জনোৱা মতে কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে নিৰঞ্জনক এৰি পুনৰ স্বামীৰ ওচৰলৈ আহিছিল । মহিলাগৰাকীৰ এনে আচৰণত অতিষ্ঠ হৈছিল নিৰঞ্জন । যাৰ বাবে দেওবাৰে নিশা নিৰঞ্জনে মহিলাগৰাকীৰ ঘৰলৈ আহে । প্ৰথমে ঘৰৰ পোহনীয়া কুকুৰটোক মৰিয়াই মৰিয়াই হত্যা কৰে । পাছত শোৱাপাটীত থকা মহিলাগৰাকীৰ স্বামীক উপৰ্যুপৰি আক্ৰমণ কৰে । স্বামীক আক্ৰমণ কৰা দেখি মহিলাগৰাকীয়ে বাধা প্ৰদান কৰে ।

কিন্তু প্ৰেমিকাগৰাকীকো নিৰঞ্জনে লোৰ পাইপ আৰু তৰোৱালেৰে ঘপিয়ায় । এই আক্ৰমণত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয় । তাৰ পাছত তেওঁলোকৰ দুই সন্তানকো নিৰঞ্জনে আক্ৰমণ কৰে । দুই সন্তানৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা মতে হত্যাকাণ্ড সংঘটিত কৰি একেটা কোঠালীতে নিৰঞ্জন গোঁহাই নামৰ মহিলাগৰাকীৰ প্ৰেমিকজনে আত্মহত্যা কৰে ।

এই ঘটনাটোৰ পাছতে বৰাগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ মহিলাগৰাকী আৰু প্ৰেমিক নিৰঞ্জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে আহত দুই সন্তানক আৰু মহিলাগৰাকীৰ স্বামীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Man kills girlfriend: কুকাৰেৰে মৰিয়াই প্ৰেমিকাক হত্যা প্ৰেমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.