Dhemaji flood: বানবিধ্বস্ত লৌগুটি গাঁও, কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি

By

Published : Jul 24, 2023, 5:17 PM IST

thumbnail

ধেমাজি, 23 জুলাই : চলিত বৰ্ষৰ দ্বিতীয়টো বানৰ কৱলত পানীত হাঁহ নচৰা অৱস্থা হৈছে বন্যাৰ্তৰ ৷ বন্যাৰ্তৰ পদূলিয়ে পদূলিয়ে সাকোঁ ৷ ঘৰৰ ভিতৰতে চাংপাতি বানৰ সৈতে সহৱস্থান বন্যাৰ্তৰ ৷  ধেমাজিৰ জিলাৰ জোনাই বিধান সভাৰ সমষ্টিৰ এইটো অঞ্চলত এতিয়াও অব্যাহত আছে বানৰ ধৰাবাহিক বিভীষিকা ৷ 

চাৰি বছৰৰ পূৰ্বে পাহাৰীয়া কামিয়া নৈয়ে সূঁতি সলাই গাঁওখনৰ মাজেৰে গতি কৰাৰ পিচৰে পৰা ধেমাজিৰ নিলখ পঞ্চায়তৰ লৌগুটি গাঁৱৰ 65 টা পৰিয়ালে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷  অৰুণাচল প্ৰদেশত এজাক বৰষুণ দিলেই লৌগুটি গাঁৱৰ গঞাৰ ঘৰৰ ভিতৰৰে বৈ যায় নদীৰ সুঁতি ৷ সেয়ে লৌগুটি গাঁৱৰ গঞাই ঘৰৰ ভিতৰত চাং পাতি দূৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে  ৷  

ইমানৰ পিচতো আজিকোপতি ধেমাজিৰ প্ৰশাসনে অঞ্চলবাসীক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ জোনাই সমষ্টিৰ অন্তৰ্গত লৌগুটি গাঁৱৰ গঞাই আজিলৈকে দেখিয়েই পোৱা নাই বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ৷ এইবছৰো যোৱা জেঠ মাহৰ পৰা বানৰ কৰালগ্ৰাসত পৰিছে লৌগুটিবাসী ৷ 

কিন্তু আচৰিত কথা যে বান সাহাৰ্যৰ নামত ফুটাকড়ি এটাও পোৱা নাই অঞ্চলটোৰ দুৰ্ভগীয়া লোকসকলে ৷ ধেমাজি জিলা প্ৰশাসনৰ কোনো বিষয়া-কৰ্মচাৰীয়ে বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লবলৈও উপস্থিত হোৱা নাই অঞ্চলটোত ৷ 

লগতে পঢ়ক: Majuli: মুখ্যমন্ত্ৰীৰ মৰমৰ মাজুলীত নাৱতেই সন্তান প্ৰসৱ মহিলাৰ; কোলাতেই হেৰুৱালে নৱজাতকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.