ETV Bharat / state

Majuli: মুখ্যমন্ত্ৰীৰ মৰমৰ মাজুলীত নাৱতেই সন্তান প্ৰসৱ মহিলাৰ; কোলাতেই হেৰুৱালে নৱজাতকক

author img

By

Published : Jul 24, 2023, 2:27 PM IST

মাজুলীত কৰুণ ঘটনা ৷ বাট-পথৰ অভাৱত পথতে প্ৰসৱ কৰাবলৈ বাধ্য হ’ল এগৰাকী মহিলাই ৷ চিকিৎসাৰ অভাৱত মৃত্যু নৱজাতকৰ ৷

Poor road condition of Majuli
পথৰ দুৰাৱস্থাৰ বাবে নাৱতে সন্তান প্ৰসৱ

পথৰ দুৰাৱস্থাৰ বাবে নাৱতে সন্তান প্ৰসৱ

মাজুলী, 24 জুলাই : ৰাজ্যৰ উন্নয়নৰ পয়ালগা ছবি ৷ বিকশিত অসমৰ স্বৰূপ উদঙালে মাজুলীৰ এটি ঘটনাই ৷ উন্নত বাট-পথৰ অভাৱত পথতে প্ৰসৱ কৰিবলৈ বাধ্য হ’ল এগৰাকী মহিলাই ৷ মাজুলীৰ লোহিত খাবলুৰ চানং গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ।

মাজুলী জিলাখনৰ ঠায়ে ঠায়ে বাট-পথৰ দুৰৱস্থাৰ বাবে টুলুঙা নাৱৰ ওপৰতে প্ৰসৱ কৰিলে এগৰাকী মহিলাই । গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথতে সংঘটিত হয় এই ঘটনাটো । জিলাখনৰ চানং গাঁৱৰ পৰা এগৰাকী প্ৰসূতি মহিলাক স্থানীয় লোকৰ উদ্যোগত ট্ৰেক্টৰযোগে গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু বাট-পথৰ দুৰৱস্থা তথা সুচল যাতায়ত ব্যৱস্থাৰ অভাৱত যথা সময়ত চিকিৎসালয় নাপালেগৈ প্ৰসূতিগৰাকী ৷ চিকিৎসালয় নৌপাওঁতেই আদবাটতেই স্থানীয় মহিলাৰ সহযোগত প্ৰসৱ কৰোৱা হয় মহিলাগৰাকীৰ ।

অৱশ্যে দূৰ্ভাগ্যজনকভাৱে উপযুক্ত চিকিৎসাৰ অভাৱত পথতে মৃত্যু ঘটে নৱজাতকটিৰ । বুকু উদং কৰি ঘাটৰ পৰাই উভতাই নিবলগীয়া হ’ল প্ৰসূতি মাতৃগৰাকীক । অতিকে ভিতৰুৱা অঞ্চলটোত মঙলবাৰেই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল যদিও শনিবাৰেহে সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

উল্লেখ্য যে, শাসনাধিষ্ঠিত দলটোৱে প্ৰতিটো ভাষণতে ৰাজ্যত উন্নতি, বিকাশ হোৱা বুলি দাবী কৰি অহা পৰিলক্ষিত হয় যদিও মাজুলীত ভৰ বাৰিষা সময়ত খৰস্ৰোতা নদী পাৰ হ’বলৈ আজিকোপতি কোনো ধৰণৰ সু-ব্যৱস্থা নাই । আনকি বিজেপি দলৰ বিধায়ক ভুৱন গামেও জিলাখনৰ বাট-পথবোৰ উন্নত কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে ৷

লগতে পঢ়ক : Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.