World Diabetes Day 2023: বিশ্ব ডায়েবেটিছ দিৱস উপলক্ষে এই ৰোগ সম্পৰ্কে কিছু জানিবলগীয়া কথা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:48 PM IST

thumbnail

তেজপুৰ, 14 নৱেম্বৰ: প্ৰতি বছৰে ১৪ নৱেম্বৰত ডায়েবেটিছ ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় ৷ আজিৰ দিনটোত মধুমেহ ৰোগ প্ৰতিৰোধ তথা ইয়াৰ চিকিৎসাৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ এক প্ৰয়াস কৰা হয় ৷ ডায়েবেটিছ হৈছে এক ভয়াৱহ ৰোগ যিয়ে পৃথিৱীৰ লাখ লাখ লোকক আক্ৰান্ত কৰে ৷ গতিকে ইয়াৰ পৰা প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷ সমগ্ৰ বিশ্বত বৰ্তমান ডায়েবেটিছত আক্ৰান্তৰ সংখ্যা ৫৩.৭ কোটি হোৱাৰ লগতে The Lancet Diabetes and Endocrinologyত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ভাৰতত ১০.১ কোটি লোক ডায়েবেটিছত আক্ৰান্ত ৷  

সেয়ে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ডায়েবেটিছ ৰোগ বিশেষজ্ঞ ডাঃ পিনাকী ৰাজ কলিতাই ডায়েবেটিছ ৰোগ সম্পৰ্কে কেতবোৰ পৰামৰ্শ আগবঢ়ায় ৷ তেওঁ কয় যে, Diabetes ৰোগীসকলে নিজকে সজাগ কৰাৰ বহু প্ৰয়োজনীয়তা আছে ।  

প্ৰথমে ৰোগীয়ে নিৰ্ভৰযোগ্য চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা আছে আৰু এই পৰামৰ্শ মতে নিয়মিত ঔষধ সেৱন কৰা আৰু খাদ্যৰ তালিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । এই ৰোগৰ ৰোগীয়ে খাদ্যৰ তালিকাত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে ৷  

ডাঃ কলিতাই কয় যে, স্বাস্থ্যৰ যত্ন তথা শৰীৰ চৰ্চাও এই ৰোগৰ বাবে অতি আৱশ্যকীয় । দৈনিক আহাৰ গ্ৰহণ কৰাৰ পিছত নিয়মীয়াকৈ খোজকঢ়াটো প্ৰয়োজন ।  

আনহাতে ঔষধৰ সমান্তৰালভাৱে দৈনিক প্ৰায় ১-২ ঘণ্টা সময় পুৱা খোজ কাঢ়িবলৈ অভ্যাস কৰাৰ লগতে আৰু নিয়মীয়া ঔষধ গ্ৰহণ কৰাৰ ফলত আমি ডায়েবেটিছক নিয়ন্ত্ৰণত ৰাখিব পাৰো । চাও আহক ডাঃ পিনাকী ৰাজ কলিতাৰ Diabetes সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ-

লগতে পঢ়ক: World Diabetes Day 2023: কিয় পালন কৰা হয় বিশ্ব ডায়েবেটিছ দিৱস ? এই বৰ্ষৰ বিষয়বস্তু কি জানো আহক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.