ETV Bharat / sukhibhava

World Diabetes Day 2023: কিয় পালন কৰা হয় বিশ্ব ডায়েবেটিছ দিৱস ? এই বৰ্ষৰ বিষয়বস্তু কি জানো আহক

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 5:03 AM IST

World Diabetes Day 2023: Know why World Diabetes Day is celebrated and what is the theme of this year
কিয় পালন কৰা হয় বিশ্ব ডায়েবেটিছ দিৱস ? এই বৰ্ষৰ বিষয়বস্তু কি জানো আহক

প্ৰতি বছৰে ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় ৷ আজিৰ দিনটোত মধুমেহ ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷ ডায়েবেটিছ হৈছে এক ভয়াৱহ ৰোগ যিয়ে পৃথিৱীৰ লাখ লাখ লোকক আক্ৰান্ত কৰে ৷ গতিকে ইয়াৰ পৰা প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয় ৷ এই বছৰ বিশ্ব ডায়েবেটিছৰ বিষয়বস্তু কি আৰু এই দিৱসৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল জানি লওক-

ডায়েবেটিছ বা মধুমেহ হৈছে এক গুৰুতৰ সমস্যা, ইয়াৰ দ্বাৰা বিশ্বৰ লাখ লাখ লোক আক্ৰান্ত হৈছে ৷ The Lancet Diabetes and Endocrinology ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ভাৰতৰ ১০.১ কোটি লোক ডায়েবেটিছত আক্ৰান্ত ৷ এইটো অতি বৃহৎ সংখ্যা, যিয়ে এক গুৰুতৰ পৰিস্থিতিৰ ইংগিত দিয়ে ৷ মধুমেহ ৰোগৰ প্ৰতি মানুহৰ সৰ্বাধিক সজাগতা থকাটো উচিত ৷ এই ৰোগৰ বিষয়ে মানুহক সজাগ কৰিবলৈ প্ৰতি বছৰে ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয় ৷ এইবাৰৰ বিষয়বস্তু আৰু ইতিহাস কি জানো আহক-

ইয়াৰ ইতিহাস কি ?

১৯৯১ চনত আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফাউণ্ডেশ্যন আৰু বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব ডায়েবেটিছ দিৱস আৰম্ভণি কৰিছিল ৷ এই দিৱস উদযাপনৰ বাবে ১৪ নৱেম্বৰ বাছি লোৱাৰ আঁৰত এক বিশেষ কাৰণ আছে ৷ ১৪ নৱেম্বৰৰ দিনটো বাছি লোৱা হৈছিল কাৰণ এই দিনটো ছাৰ ফ্ৰেডেৰিক বেণ্টিঙৰ জন্মদিন ৷ মধুমেহ ৰোগৰ চিকিৎসাৰ বাবে ইনচুলিন আৱিষ্কাৰত তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ বিশ্ব ডায়েবেটিছ দিৱসক নীলা ৰঙৰ ল’গ’ৰে প্ৰতিনিধিত্ব কৰা হৈছে ৷ এই প্ৰতীকটোক ডায়েবেটিছ সজাগতাৰ প্ৰতীক বুলিও গণ্য কৰা হয় ৷

এইবাৰৰ থিম কি ?

টাইপ-২ ডায়েবেটিছ আৰু অন্যান্য ডায়েবেটিছ সম্পৰ্কীয় সমস্যা প্ৰতিৰোধৰ বাবে এইবাৰৰ থিম “Access to Diabetes Care” হিচাপে ৰখা হৈছে ৷ এই বিষয়বস্তুৰ জৰিয়তে সকলোৱে যাতে সমান চিকিৎসা লাভ কৰে আৰু এই ৰোগৰ বিষয়ে সঠিক তথ্য লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই থিমৰ সহায়ত মানুহক টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধৰ বাবে উৎসাহিত কৰিবলৈ বা সময়মতে চিনাক্ত কৰি সঠিকভাৱে চিকিৎসা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে ৷

বিশ্ব ডায়েবেটিছ দিৱস সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰতি ১০ জনৰ ভিতৰত ১ জন ডায়েবেটিছ ৰোগত আক্ৰান্ত ৷ ইয়াৰে ৯০%তকৈ অধিক লোকৰ টাইপ-২ ডায়েবেটিছ আছে ৷ বহু ক্ষেত্ৰত সুস্থ অভ্যাস গ্ৰহণ আৰু বজাই ৰাখি টাইপ ২ ডায়েবেটিছ আৰু ইয়াৰ জটিলতাসমূহ এৰাই চলিব বা প্ৰতিৰোধ কৰিব পাৰি ৷ ইয়াৰ বিপদ আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগে সেই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ, যাতে প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাই সহায় কৰিব পাৰে ৷ স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু সক্ৰিয় জীৱনশৈলী ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে ৷ সেয়েহে মানুহে নিজৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়া প্ৰয়োজন ৷

লগতে পঢ়ক: IVF: সন্তানহীনতাৰ কাৰণ তথা ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.