Woman Protest in Teok: ‘‘অমৃত বৃক্ষ’’ৰ নামত দিলে ঘোঁৰা নিম গছৰ পুলি; উত্তেজনা টীয়ক পৌৰসভাত

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:19 PM IST

thumbnail

টীয়ক, 17 ছেপ্টেম্বৰ : অমৃত বৃক্ষ আন্দোলন ৰূপায়ণক লৈ পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে টীয়কত । অভিযোগ অনুসৰি অমৃত বৃক্ষ আন্দোলনৰ ফলস্বৰূপে শনিবাৰে টীয়ক পৌৰসভাৰ অন্তৰ্গত একাংশ মহিলা গোটক পৌৰসভা কাৰ্যালয়ৰ পৰা দেওবাৰে পুৱা গছপুলি সংগ্ৰহ কৰিবলৈ বাৰ্তা দিছিল ৷ সেই মৰ্মে মহিলাসকলে পুৱাই টীয়ক পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হয় ৷ কিন্তু আশ্চৰ্যজনক পৌৰসভাৰ পৌৰপতিকে ধৰি ৱাৰ্ড আয়ুক্ত, কৰ্মচাৰীসকল কোনেও গছপুলি বিতৰণৰ কথা অৱগত নহয় বুলি মহিলাসকল অৱগত কৰে । তাৰ পাচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ 

উত্তপ্ত পৰিস্থিৰ প্ৰতি লক্ষ্য ৰাখি পৌৰসভাৰ একাংশ কৰ্মকৰ্তাৰ অনুৰোধ মৰ্মে প্ৰতিবাদী মহিলাসকলক টীয়ক থানালৈ নি অমৃত বৃক্ষৰ নামত ঘোঁৰা নিম গছৰ পুলি বিতৰণ কৰিয়েই দ্বায়িত্ব সামৰিলে ৷ ইফালে মহিলাসকলক তেনে কোনো আঁচনি নাই বুলি পৌৰসভাই জানিবলৈ দিয়া বুলি অভিযোগ কৰিছে মহিলাসকলে । চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত টীয়ক পৌৰসভাৰ যি দ্বায়িত্বহীনতা প্ৰকাশ কৰিছে সেয়া অতি নিন্দনীয় বুলি অভিহিত কৰি এনে পৌৰসভা থকাতকৈ নথকাই ভাল বুলি মন্তব্য কৰে ক্ষোভিত মহিলাই ৷

লগতে পঢ়ক:Rupjyoti Kurmi: আনৰ নাৰীক আক্ৰমণ কৰি ৰাৱণ-দুৰ্যোধনৰ দৰে শেষ হ’ব অখিল-গৌৰৱ; ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.