ETV Bharat / state

Rupjyoti Kurmi: আনৰ নাৰীক আক্ৰমণ কৰি ৰাৱণ-দুৰ্যোধনৰ দৰে শেষ হ’ব অখিল-গৌৰৱ; ৰূপজ্যোতি কুৰ্মী

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:14 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিৰোধীয়ে আক্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুবল্কি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ পাৰ্যমানে ৰিণিকি ভূঞা শৰ্মাক আঁৰ কাপোৰ দিয়াৰ চেষ্টা ৰূপজ্যোতি কুৰ্মীৰ ৷ বিধায়ক অখিল গগৈৰ অৰ্কিড পাৰ্কক লৈ মন্তব্য ৷

Rupjyoti Kurmi
Rupjyoti Kurmi

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতিৰ

যোৰহাট, 16 ছেপ্টেম্বৰ: আনৰ নাৰীৰ ওপৰত আক্ৰমণ কৰি যিদৰে ৰাৱণ- দুৰ্যোধন নিঃশেষ হৈছিল সেইদৰেই অখিল গগৈ, গৌৰৱ গগৈ নিঃশেষ হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাৰ শৰ্মাৰ প্ৰতিষ্ঠানলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজসাহায্য অনুমোদন দিয়া বিষয়টোক লৈ চলি থকা চৰ্চা আৰু বিতৰ্কৰ মাজতে এইদৰেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

যোৰহাটত আৱৰ্ত ভৱনত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমগ্ৰ বিতৰ্ক সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে সদনত সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে 16 পৃষ্ঠা জোৰা উত্তৰ দিছিল ৷ কিন্তু অখিল গগৈ, গৌৰৱ গগৈসহিতে কংগ্ৰেছে 16 পৃষ্ঠাৰ নথিৰ পৰিৱৰ্তে কেৱল মাত্ৰ দুটা পৃষ্ঠা দেখুৱাই ৰাইজক বিপথে পৰিচালিত কৰিছে ৷

বিধায়ক কুৰ্মীয়ে লগতে কয় যে 16 পৃষ্ঠাৰ উত্তৰ যদি অসমৰ ৰাইজে পঢ়িবলৈ পায় তেতিয়া হ’লে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা আৰু বেছিকৈ বাঢ়িব ৷ গৌৰৱ গগৈ আৰু অখিল গগৈক ৰাৱণ আৰু দুৰ্যোধনৰ লগত তুলনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘যিদৰে আনৰ পত্নীৰ ওপৰত চকু দিয়াৰ বাবে ৰাৱণ আৰু দুৰ্যোধন নিঃশেষ হৈছিল ঠিক সেইদৰেই এগৰাকী দক্ষ, সাহসী, কৰ্মোদ্যমী মহিলাক আক্ৰমণ কৰি গৌৰৱ গগৈ আৰু অখিল গগৈ ৰাৱণ-দুৰ্যোধনৰ দৰে নিঃশেষ হ’ব ৷

বৰ্তমান ৰাহুল গান্ধী বিপদত পৰিছে বুলি উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ কৰে যে কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কোনো কৰণীয় কাম কৰা নাছিল ৷ ইয়াৰ ওপৰিও, বিধায়ক অখিল গগৈৰ নেতৃত্বত চলি থকা অৰ্কিড পাৰ্কক লৈয়ো সৰৱ হয় কুৰ্মী ৷ বিধায়ক অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামত 22 বিঘা মাটি দখল কৰা বুলি পুনৰ অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ চিঠি লিখা হৈছে বুলি কয় ৷

অখিল গগৈক কটাক্ষ কৰি ৰূপজ্যোতি কুৰ্মীয়ে আৰু কয়, ‘‘পিং পং বল উপাধি লাভ কৰা বিধায়কৰ কথা আৰু শুনিব নিবিচাৰোঁ, কিয়নো হাতী গৈ থাকিলে কুকুৰে ভুকিবই ৷’’

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.