Domestic violence at Merapani: জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি স্বামী আৰু পৰিয়ালৰ নিৰ্যাতনৰ বলি হ'ল মহিলা

By

Published : Jul 9, 2023, 2:13 PM IST

thumbnail

যোৰহাট, 9 জুলাই: জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ স্বামী আৰু পৰিয়ালৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা ৷ মেৰাপানীৰ 1 নং গমাৰিৰ মহিলাগৰাকীৰ আঢ়ৈ বছৰীয়া সন্তানক কোলাৰ পৰা কাঢ়ি ৰাখি ঘৰৰ পৰা খেদি দিলে স্বামীগৃহৰ পৰিয়ালে ৷ এতিয়া ন্যায় বিচাৰি মেৰাপানী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা গৰাকী ৷

ক্ৰমাৎ ড্ৰাগছ আৰু জুৱাৰ অবাধ প্ৰচলনে মেৰাপানীৰ বহু পৰিয়াললৈ নমাই আনিছে ঘোৰ অমানিশা ৷ অভিযোগ অনুসৰি স্বামীৰ জুৱাৰ প্ৰতি থকা আসক্তি ৰোধ কৰিবলৈ গৈ শাৰিৰীক অত্যাচাৰ আৰু মানসিক নিৰ্যাতনৰ বলি হ'ব লগা হৈছে এগৰাকী মহিলা ৷ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত 1 নং গমাৰিৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ লগতে শহুৰ-শাহুৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত দাখিল কৰিছে অভিযোগ ৷  

দীৰ্ঘদিন ধৰি অঞ্চলটোত মুক্তভাৱে চলি থকা ড্ৰাগছৰ প্ৰচলন আৰু জুৱাৰ বাবে মহিলাগৰাকীৰ স্বামী বিপথগামী হোৱাত এই কথাৰ প্ৰতিবাদ কৰিছিল পত্নীয়ে ৷ কিন্তু এই কথাতে খৰ্গহস্ত হৈ স্বামীগৃহৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই মাতৃৰ কোলাত থকা আঢ়ৈ বছৰীয়া সন্তানটিক কাঢ়ি লৈ ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷ এই ঘটনাক লৈ নিজৰ সন্তান আৰু ন্যায় বিচাৰি মেৰাপানী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী ৷ 

লগতে পঢ়ক: Domestic violence in Barpeta : যৌতুকৰ দাবীত বোৱাৰীক নিৰ্মম অত্যাচাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.