Woman mysterious death: চলচলিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীগৃহত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:42 PM IST

thumbnail

চামগুৰি, 26 অক্টোবৰ : নগাঁৱৰ চলচলিৰ মুছলমান গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ স্বামীৰ গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ ৷ মৃত মহিলাগৰাকীৰ নাম মুন্নী বেগম বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই খবৰ পোৱাৰ লগে লগে বোৱাৰীগৰাকীৰ মাতৃগৃহৰ আত্মীয় ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ এই মৃত্যুৰ ঘটনাক হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ 

বোৱাৰীগৰাকীৰ আত্মীয়ই জনোৱা অনুসৰি, যৌতুকৰ বাবেই শহুৰ-শাহুৱেকে বোৱাৰীগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল ৷ তাৰ পিচতে বোৱাৰীগৰাকীক হত্যা কৰি এনেদৰে ওলোমাই ৰাখিছে বুলি ক্ষোভ উজাৰে ৷ জানিব পৰামতে, বোৱাৰীগৰাকীৰ স্বামী বিতু আহমেদ কৰ্মসূত্ৰে হায়দৰাবাদত থাকে ৷ 

ইয়াৰে সুযোগ লৈ শহুৰ-শাহুৱেকে বোৱাৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে বোৱাৰীগৰাকীৰ পৰিয়ালে ।ইতিমধ্যে ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সম্প্ৰতি দণ্ডাধীশৰ উপস্থিতিত সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.