কলগাছিয়াত বোৱাৰী নিৰুদ্দেশক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:37 PM IST

thumbnail

কলগাছিয়া, ১৭ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বোৱাৰী নিৰুদ্দেশ । দুই সন্তানক এৰি বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি খাৰবাল্লী গাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ । শনিবাৰে নিশা পত্নীক বিছাৰি নাপায় হতাশাত ভাঙি পৰিছে স্বামী ৰাশিদুল ইছলাম আৰু দুই কণমানি ।  

জানিবপৰামতে খাৰবাল্লী গাঁৱৰ ৰাশিদুল ইছলাম বিগত ৭ বছৰ পূৰ্বে চৰ গুইলেজা গাঁৱৰ কন্যা আচমা খাতুন সৈতে সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল । আচমা খাতুন আৰু ৰাশিদুল ইছলাম দুই সন্তানৰ পিতৃ-মাতৃ । স্বামী ৰাশিদুল ইছলামে দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে গুৱাহাটীত থকা অৱস্থাত স্বামীৰ ঘৰৰ পৰা পত্নী আছমা খাতুন হঠাৎ নিশাৰ ভাগত নিৰুদ্দেশ হয় । পিছে স্বামীৰ পৰিয়ালে বিভিন্ন ঠাইৰ লগতে আত্মীয় স্বজনৰ ঘৰত খবৰ লৈছে যদিও কোনো সন্ধান লাভ কৰা নাই ।  

উল্লেখ্য যে বোৱাৰীগৰাকী ইয়াৰ আগে পিছেও এনেদৰে নিৰুদ্দেশ হৈছিল যদিও আকৌ উভতি আহিছে । যদি কোনো ব্যক্তিয়ে আচমা খাতুন নামৰ বোৱাৰীগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে স্বামী ৰাশিদুল ইছলামৰ মোবাইল নম্বৰ 6001591040 ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামীয়ে ।  

লগতে পঢ়ক: জোনাই তৰাজান গাঁৱত মহিলা নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.