জোনাই তৰাজান গাঁৱত মহিলা নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:05 PM IST

thumbnail

জোনাই,১৬ ডিচেম্বৰ: জোনাইৰ তৰাজান গাঁৱৰ প্ৰায় ৪০ বছৰীয়া এগৰাকী মহিলা বিগত প্ৰায় ১৮ দিন ধৰি নিৰুদ্দেশ হোৱাক লৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ । জানিব পৰা মতে জোনাইৰ তৰাজান গাঁৱৰ নিবাসী অৰুন্ধতী মিলি চেত্ৰী নামৰ মহিলাগৰাকীয়ে বিগত প্ৰায় ওঠৰ দিন আগতে নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত কোনো সন্ধান নাই ।  

ঘটনাৰ পিছতে পৰিয়ালৰ লোকে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে । ইফালে নিৰুদ্দিষ্ট মহিলা গৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ ভিন্ন ঠাইত অনুসন্ধান চলাই যদিও আজি পৰ্যন্ত কোনোধৰণৰ সন্ধান নোপোৱাত হতাশাত ভুগিছে পৰিয়ালৰ লোক । গতিকে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৯৭০৭৮৩৩৬৩৩ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে ।  

লগতে পঢ়ক: লখিমপুৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজাক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.