Wild Elephant Roaming: নগাঁও চহৰৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ

By

Published : Jul 15, 2022, 7:38 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ আতংক (Threat of Wild elephant) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে ঘৰ-বাৰী, শষ্য-পথাৰৰ ক্ষতি সাধন কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে বহু লোকৰ(Man elephant conflict in Assam) ৷ শেহতীয়াকৈ অনুৰূপ ঘটনাই দেখিবলৈ পোৱা গ’ল নগাঁও চহৰৰ সমীপতে ৷ নগাঁও চহৰৰ সমীপৰ চিলঙনীত বৃহস্পতিবাৰে পুৱা দুটাকৈ বন্যহস্তীয়ে চলালে তাণ্ডৱ (Wild elephants roam free near Nagaon city) ৷ ক্ষতি সাধন কৰিলে কেইবাটাও বাসগৃহ । প্ৰথমে টকৌবাৰী খ্ৰীষ্টজ্যোতি কৃষি স্কুলৰ চৌহদত কিছু সময় বিচৰণ কৰে যদিও পৰৰ্বতী সময়ত সেই স্থানৰ পৰা ওলাই পুনৰ চিলঙনীৰ দিশে অগ্ৰসৰ হয় । এটা পোৱালিকে ধৰি দুটা বন্যহস্তীয়ে বুধবাৰৰ পৰাই অঞ্চলটোত বিচৰণ কৰি থকা বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । অৱশ্যে বন্যহস্তী দুটাক যিকোনো প্ৰকাৰে বনাঞ্চললৈ খেদি পঠিয়াবৰ বাবে চেষ্টা অব্যাহত ৰখা বুলিও জনালে বন বিভাগৰ সূত্ৰটোৱে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.