36 নং ৰাষ্ট্ৰীয় ঘাইপথত মানুহৰ নহয়, গজৰাজৰ সমদল

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:13 PM IST

thumbnail

বঢ়মপুৰ, 30 নৱেম্বৰ : নগাঁও জিলাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত গজৰাজৰ ৰেলী ৷ নিশা হ'লেই এতিয়া বন্যহস্তীৰ উপদ্ৰৱত নগাঁৱৰ বিভিন্ন স্থানত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে ৷

বুধবাৰে নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাকে হয় নিজ কঠিয়াতলীৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰে শাৰী শাৰীকৈ পাৰ হয় ৷ বন্যহস্তীৰ জাকটো পাৰ হোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বহু যান-বাহন আৱদ্ধ হৈ পৰে ৷ খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৷ 

ইফালে হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ ৷ বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁৱৰ লগতে 10 খনৰো অধিক গাঁৱৰ ৰাইজ ৷ বিগত এমাহ ধৰি দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱত গঞাৰ টোপনি হৰিছে ৷ খেতিপথাৰত বন্যহস্তীৰ জাকে এফালৰ পৰা পকা ধান খাই তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা মাটিৰ ধান ।

লগতে পঢ়ক: বন্যহস্তীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা তিনি কৃষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.