Woman injured in elephant attack: সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত আহত এগৰাকী মহিলা

By

Published : Jan 9, 2023, 2:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ । বনৰীয়া হাতীৰ আক্ৰমণত আহত এগৰাকী মহিলা (Woman injured in wild elephant attack in Sonari) । সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ নিচেই কাষতে থকা দুটাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে এটা বনৰীয়া হাতীয়ে । নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে ভাঙি লণ্ডভণ্ড কৰে নাফুকৰ ডিফু গ্ৰাণ্টৰ ৰামু মাঝি আৰু দীনেশ ভুমিজৰ ঘৰ । হাতীৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় দীনেশ ভূমিজৰ মাতৃ হীৰামণি ভূমিজ (Wild elephants destroyed houses in Sonari Charaideo) । উল্লেখযোগ্য যে এই হাতীটোৱে দীৰ্ঘদিন ধৰি সোণাৰিৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সন্ত্ৰাস চলাই আহিছে । ইয়াৰ পাছতো হাতীটোক নিয়ন্ত্ৰণ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰতিবছৰে বনৰীয়া হাতীয়ে এই অঞ্চলৰ ঘৰ ভাঙি ৰাইজক ক্ষতি কৰিছে যদিও আজি পৰ্যন্ত কোনো ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.