Wild Elephant stuck: সজুঁলিৰ অভাৱত বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই পিতনিত আৱদ্ধ হাতী

By

Published : May 23, 2023, 4:19 PM IST

thumbnail

তেজপুৰ, ২৩ মে' : শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেলামৰা তেলীয়াগাঁৱত এটা বন্যহস্তীৰ দুৰ্গতি ৷ যোৱা কেইবাদিনো ধৰি পিতনিত আৱদ্ধ হৈ আছে হাতীটো ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা পিতনিত বন্যহস্তীটো আৱদ্ধ হৈ আছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোকে । বন বিভাগে নদীৰ পাৰৰ পৰাই হাতীটো নিৰীক্ষণ কৰি আছে (Wild Elephant stuck in Wetland)৷ 

হাতীটোৱে মানুহৰ সমাগম হলেই পুনৰ বিপৰীত দিশলৈ গতি কৰে । খাদ্যৰ অভাৱত হাতীটো দুৰ্বল হৈ পৰা দেখা গৈছে যদিও বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি হাতীটো এতিয়ালৈ আঘাতপ্ৰাপ্ত হোৱা নাই । 

আনহাতে বনৰীয়া হাতীটো কোন অঞ্চলৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পিতনিত আৱদ্ধ হৈ পৰে সেই বিষয়ে জ্ঞাত নহয় স্থানীয় লোক । দেওবাৰে বিয়লি হাতীটো পিতনিত দেখি স্থানীয় ৰাইজে বন বিভাগৰ লগত যোগাযোগ কৰে ৷ তাৰ পিচতেই বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো পৰ্যবেক্ষণত ৰাখি আছে (Locals demand to rescue elephant)।  ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীটো উলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । লক্ষ্যণীয় যে, হাতীটোৱে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নোপোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: Tiger menace : দিন দুপৰতে জনাঞ্চলত মুক্ত বিচৰণ বনৰজাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.