কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:34 PM IST

thumbnail

কলিয়াবৰ,৭ জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত কলিয়াবৰত । এইবাৰ ঢেকীয়াল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ । পূৰ্ণানন্দ দাস নামৰ এজন লোকৰ গৃহ ভাঙি তহিলং কৰাৰ লগতে আন এঘৰৰ ঘৰৰ বেৰ ভাঙি ধানৰ বস্তা উলিয়াই উপদ্ৰৱ চলাই বন্যহস্তীয়ে । পূৰ্ণানন্দ দাসৰ পৰিয়ালে কোনোমতে প্ৰাণ বচাই লুকাই থাকিল বেৰৰ চুকত । স্থানীয় লোকে ফটকা ফুটাই হাতী খেদাতহে ৰক্ষা পৰে পৰিয়ালটো ।  

ইফালে এজন লোকে হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে যদিও সৌভাগ্যক্ৰমে আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে । বন বিভাগৰ পৰা সময়মতে সহাঁৰি নোপোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ । ভুক্তভোগীয়ে জনোৱা অনুসৰি, বন বিভাগৰ লোক আহি পোৱালৈ ঘৰ-দুৱাৰ ভাঙি সেই স্থানৰ পৰা প্ৰস্থান কৰে বন্যহস্তী । পথাৰৰ ধান কাটি গৃহস্থৰ চোতাল পোৱাৰ পাছতেই বনৰীয়া হাতীৰ সহজ লক্ষ্য হৈ পৰিছে গাঁওসমূহ । বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰস্তমান গাঁওবাসীক সুৰক্ষা দিবলৈ অপাৰগ ৰাজ্যৰ বন বিভাগ । 

লগতে পঢ়ক: পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.