Woman commits suicide: স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে পত্নীৰ আত্মহনন

By

Published : Dec 22, 2022, 9:51 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত খনামুখ ৰঙাজানত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ ৰঙাজান নিৱাসী কৃষ্ণ মজুমদাৰৰ সৈতে প্ৰায় ৪ বছৰ পূৰ্বে সামাজিক ৰীতি নীতি অনুসৰি বিৱাহপাশত আৱদ্ধ হৈছিল ঢেকীয়াজুলিৰ ৭ নং ৱাৰ্ডৰ শংকৰ চৌধুৰীৰ কন্যা ময়ুৰী চৌধুৰীয়ে ৷ বিয়াৰ কিছুদিন পিচৰে পৰা যৌতুকৰ দাবীত স্বামী তথা পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক অকথ্য নিৰ্যাতন চলাাই আহিছিল ৷ ইয়াৰোপৰি মহিলাগৰাকীৰ স্বামীৰ কৃষ্ণৰ আন মহিলাৰ সৈতেও অবৈধ সম্পৰ্ক থকা বুলি পত্নীয়ে গম পাইছিল (Extramarital affair of husband) ৷ এই কথা নিজেই মাতৃ গৃহৰ পৰিয়ালক অৱগত কৰিছিল ময়ুৰীয়ে ৷ ইয়াৰ পিচতে বুধবাৰে পুৱা নিজ শোৱনী কোঠাত ফাঁচি লাগি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ময়ুৰীৰ মৃতদেহ (Wife commits suicide over extramarital affair of husband) ৷ ময়ুৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে ৷ ময়ুৰী আৰু কৃষ্ণৰ এটি কণমানি পুত্ৰ সন্তানো আছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ময়ুৰীৰ পিতৃয়ে চাৰিদুৱাৰ থানাত স্বামী কৃষ্ণ আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ২২৩/২২ নম্বৰত ৩০২ IPC ত এটা গোচৰ ৰুজু কৰি চাৰিদুৱাৰ আৰক্ষীয়ে অভিযুক্ত স্বামী কৃষ্ণ মজুমদাৰক আটক (Police arrested accused Husband) কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.