Drinking water crisis in Dhemaji: প্ৰহসনত পৰিণত লাইমেকুৰী পানী যোগান আঁচনি
Published: Mar 14, 2023, 1:58 PM

জোনাই, 14 মাৰ্চ : জোনাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ অধীনৰ লাইমেকুৰী পানী যোগান আঁচনিখন পৰিণত হৈছে প্ৰসহনত ৷ লাইমেকুৰী পানী যোগান আঁচনিখন স্থাপনৰ সময়ত বিভাগটোৱে ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু অভিলাষী আঁচনিখনে আজি প্ৰায় এবছৰে ৰাইজক যোগান ধৰিব পৰা নাই এটুপি খোৱা পানী (Not been able to provide drinking water) ৷
জানিব পৰামতে যোৱা প্ৰায় এবছৰ পূৰ্বে লাইমেকুৰীত নিৰ্মাণ কৰা পানী যোগান আঁচনিখনে প্ৰথমে প্ৰায় এক-ডেৰ সপ্তাহ ৰাইজক পানী যোগান ধৰিছিল যদিও আঁচনিখনৰ এটা অংশৰ কাৰিকৰী বিকল হোৱা বুলি কৈ বিগত প্ৰায় এটা বছৰে চৰকাৰে যোগান ধৰা পানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলতোৰ প্ৰায় শতাধিক পৰিয়াল ৷ উল্লেখনীয় যে, এই সন্দৰ্ভত বাৰম্বাৰ আঁচনিখনৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰীসকলক ৰাইজে অৱগত কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে ৷ যাৰ বাবে আঁচনিখনৰ পানী পৰিবাহী পাইপ, টেপ আদি ক্ৰমে ভাঙি ছিঙি নষ্ট হৈ পৰিছে যদিও কাণসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ কিম্বা চোৱাচিতাৰ দ্বায়িত্বত থকা কৰ্মচাৰীসকলৰ (Drinking water scarcity in Dhemaji) ৷ শীঘ্ৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক পানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বঞ্চিত ৰাইজে ৷
লগতে পঢ়ক : HSLC exam paper leak: ছেবাক নিঃশেষ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ আখ্যা আমছুৰ